প্রিয় বিক্রম
ধন্যবাদ! এতিয়া মোৰ সমস্যা আঁতৰিল। মই 'ফেহু' হুমাইছো শব্দত। সেয়েহে নিশ্চিত হই ললোঁ। ঁ লই মই প্রায়ে সমস্যাত পৰোঁ। মোৰ কিছু সহকর্মীয়ে দেখিছোঁ, চন্দ্রবিন্দু বাদ দিয়াটো সহযতে মানি নলয়। বহুতে আনকী উত্তম পুৰুষৰ বর্তমান ক্রিয়াপদতো ঁ ব্যবহাৰ কৰিবলৈ কয়।'খাওঁ, কৰোঁ' ইত্যাদি। মই কওঁ , অসমীয়াত যদি বহুতে ঁ বাদ দি এইবোৰ লিখিবলৈ লইছে আৰু তাত অর্থৰো সলনি নহয়, বাদ দিলেহে ব্যবহাৰ কৰা সুবিধা হয়।
'কণী আগতে আহিল নে কুকুৰাজনী' উদাহরণটো আপুনি ভালেই দিছে। কিন্তু ইয়াত চাগৈ কথাটো এনে হব , যে দুটাই দুয়োক প্রভাবিত কৰে। কেৱল বানানৰ পৰিবর্তন হয় অলপ লাহে লাহে, কেতিয়াবা ইমানেই লাহে যে পৰিবর্তন হ'ব বুলে নে লাগেই!
(কথা ওলাল যদি, কই পেলাও, কণী-কুকুৰাৰ পাজল কিন্তু সমাধান হৈ গৈছে। কেনে কৈ, এই কথা ইয়াত কৈ ৰস ভঙ্গ নকৰো।)
সুশান্ত