শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষণা কৰা ড৹ সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা…

6 views
Skip to first unread message

Buljit Buragohain

unread,
Apr 24, 2022, 1:34:27 AM4/24/22
to XOBDO groups, supportac...@googlegroups.com, Dr. Samudra Gupta Kashyap

শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষণা কৰা ড৹ সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা…

image.png

অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Apr 22, 2022 ত শেষ সম্পাদনা কৰা হৈছে
 শ্বেয়াৰ কৰক
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বৰ গুণসমূহ আৰু লগতে তেখেতৰ সামাজিক উদ্ভাৱনসমূহৰ অধিক অধ্যয়ন, চৰ্চা আৰু প্ৰচাৰে মহাপুৰুষজনাক বিশ্ববাসীৰ সন্মুখত এটা সুকীয়া দৃষ্টিভংগীৰে পৰিচিত কৰি দিব পৰা যাব। আজি মহাপুৰুষজনাৰ জন্মস্থান তথা তেখেতৰ বৃহৎ সামাজিক-সাংস্কৃতিক জয়যাত্ৰাৰ প্ৰথম কৰ্মস্থলী বটদ্ৰৱা থানৰ এখনি সম্বৰ্ধনা সভাত এই মন্তব্য দিয়ে বিশিষ্ট সাংবাদিক, লেখক তথা বৰ্তমান অসমৰ এগৰাকী ৰাজ্যিক তথ্য আয়ুক্ত ড৹ সমুদ্ৰগুপ্ত কাশ্যপে।

ড০ কাশ্যপে তেওঁ অলপতে সমাপ্ত কৰা “শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বৰ গুণসমূহ তথা সামাজিক উদ্ভাৱনসমূহ” বিষয়ক গৱেষণাৰ পাছত আজি বটদ্ৰৱা থানত উপস্থিত হোৱাত বটদ্ৰৱা থানৰ তৰফৰপৰা ড০ কাশ্যপক ধৰ্মবস্ত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়।

বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা পৰিচালনা সমিতিৰ উপসভাপতি দেৱানন্দ দেৱগোস্বামী, কোষাধ্যক্ষ আদিত্য বৰা, সদস্য মহেন্দ্ৰ বৰুৱা, বিমল পাঠক, ৰবি শইকীয়া, নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত মনোৰঞ্জন পায়েং, লেখিকা তপতী বৰুৱা কাশ্যপ, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা সভাত ড০ কাশ্যপে গৱেষণাৰ কিছু আভাষ দি কয়, “গুৰুজনাৰ এই দুটা দিশৰ ওপৰত চলোৱা গৱেষণাত অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰি, তেখেত একেধাৰে এগৰাকী ধৰ্ম তথা সমাজ সংস্কাৰক, পণ্ডিত, শিল্পী, আৰু সাহিত্যিকেই নাছিল; একেসময়তে আছিল এগৰাকী বহু নেতৃত্ব-গুণসম্পন্ন ব্যক্তি আৰু সামাজিক উদ্ভাৱক।

এই দুটা দিশত অধিক অধ্যয়ন আৰু গৱেষণা চলাব পাৰিলে শ্ৰীমন্ত শংকৰদেৱক আন্তৰ্জাতিক ক্ষেত্ৰত এটা নতুন পৰিচয়েৰে দাঙি ধৰিব পৰা যাব।” সভাত ড০ সমুদ্ৰগুপ্ত কাশ্যপৰ গবেষণাৰ বিষয়ক প্ৰসংশা কৰি সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে “নতুন তথ্যৰ ন দৃষ্টিকোণেৰে বিশাল পৰিসৰত গবেষণা কৰি গুৰুজনাক সমগ্ৰ বিশ্বত পৰিচয় কৰোৱাৰ সুন্দৰ প্ৰচেষ্টাক” শলাগ লোৱাৰ লগতে তেখেতক আশীৰ্বাদ প্ৰদান কৰে।

উল্লেখ যোগ্য যে শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বৰ গুণসমূহ তথা সামাজিক উদ্ভাৱনসমূহৰ বিষয়ে চলোৱা গৱেষণাৰ কাৰণে শিৱসাগৰৰ আছাম ৰাজীৱ গান্ধী ইউনিভাৰ্ছিটি অফ কো-অপাৰেটিভ মেনেজমেন্টে কাশ্যপক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।

Reply all
Reply to author
Forward
0 new messages