ভোগালী বিহুৰ শুভেচ্ছা

4 views
Skip to first unread message

Buljit Buragohain

unread,
Jan 14, 2023, 9:02:29 PM1/14/23
to Dr . Buljit Buragohain
সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ভোগালী বিহু মানে ..সান্দহচিৰানানা তৰহৰ পিঠালাডুআখৈ ...ভেলাঘৰ ,মেজি'হ যুঁজ ...ভোজ ভাত খোৱামেজি জ্বলোৱা ইত্যাদি ইত্যাদি....


------------------------------------------------------------------------------------------------

ভোগালী বিহুৰ  বিষয়ে দুৱাষাৰ - ড° বুলজিৎ বুঢ়াগোহাঁই


     ভোগালী বিহু অসমৰ জাতীয় উৎসৱ । ৰাজ্যখনৰ সকলো অঞ্চলত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভোগালী বিহু পালন কৰে। প্রৱাসী অসমীয়া সকলেও ভোগালী বিহু পালন কৰে। ভোগালী বিহু উদযাপন  সমিতিবোৰৰ উদ্যোগত ভোগালী বিহু উপলক্ষে বিভিন্ন কার্যসূচী গ্রহণ কৰে। ইয়াৰ লগত সংহতি ৰাখি বহুতো ভোগালী বিহু উদযাপন সমিতিয়ে “স্মৃতি গ্রন্থ” প্রকাশ কৰে আৰু “স্মৃতি গ্রন্থ”বোৰত বিহু সর্ম্পকীয় প্রবন্ধ পাতিৰ লগতে বিভিন্ন লেখা প্রকাশ হয় । কিন্তু এই “স্মৃতি গ্রন্থ” সমুহ সাধাৰণতে যি অঞ্চলত প্রকাশ হয়, সেই অঞ্চলসমুহতে বিতৰণ হোৱা দেখা যায়। বেলেগ অঞ্চলৰ ৰাইজে সংগ্রহ কৰিবৰ উপায় নাথাকে। আমাৰ ৰাজ্যখনৰ লগতে প্রবাসী অসমীয়া সকলৰ ভোগালী বিহু উদযাপন সমিতিবোৰক আহ্বান জনাব বিচাৰিছোঁ যে ভোগালী বিহু উপলক্ষে প্রকাশিত “স্মৃতি গ্রন্থ”ৰ এটিকৈ কপি ৰাজ্যিক কেন্দ্রীয় পুথিভঁৰাল তথা জিলা পুথিভঁৰালবোৰলৈ পঠিয়ালে ভাল হয় । পুথিভঁৰালবোৰৰ কর্তৃপক্ষই  “স্মৃতি গ্রন্থ” সমুহ ৰখা ব্যৱস্থা কৰিব লাগে।

     এতিয়া প্রযুক্তিৰ যুগ । আমি সকলোৰে ইয়াৰ সুযোগ গ্রহণ কৰা উচিত। প্রযুক্তিৰ সহায়ত আমি আমাৰ জাতীয় উৎসৱ ভোগালী বিহুৰ বিষয়ে বিশ্ব দৰবাৰত দাঙি ধৰিব পাৰো। ভোগালী বিহু উপলক্ষে প্রকাশিত সকলোবোৰ “স্মৃতি গ্রন্থ” ইণ্টাৰনেটত উপলব্ধ কৰিব লাগে যাতে পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকে পঢ়িব পাৰে। এই “স্মৃতি গ্রন্থ”বোৰত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ আদি লগতে ভেলাঘৰ ,মেজি, ম'হ যুঁজ ফটো সৈতে বর্ণনা দিব লাগে । “স্মৃতি গ্রন্থ”বোৰত অতি কমেও এটিকৈ ইংৰাজী আৰু হিন্দী ভাষাত ভোগালী বিহু সস্পকীয় প্রৱন্ধ আৰু সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাতো ভোগালী বিহু বিষয়ে দুষাৰীমান হ’লেও লিখিব লাগে। তাৰ ফলত পৃথিৱীৰ বিভিন্ন প্রান্তত থকা লোকসকলে ভোগালী বিহুৰ বিষয়ে কিছু হ’লেও আভাষ পাবলৈ সক্ষম হ’ব। তেতিয়া বিহুৰ বিষয়ে বেছিকৈ জানিবলৈ আগ্রহ প্রকাশ কৰিব হয়তো বহুতো ভোগালী বিহু বিষয়ে গৱেষণা কৰিবলৈও আগবাঢ়ি আহিব।সেইদৰে বিহুৰ প্রতি আর্কষিত হৈ দেশী-বিদেশী পর্যটক আমাৰ ৰাজ্যখনলৈ আগমন হ’ব আৰু তাৰ ফলত ৰাজ্যখন কিছু পৰিমাণে হ’লেও অর্থনৈতিক ভাবে লাভবান হ’ব।

    ভোগালী বিহুত পালন কৰা বিভিন্ন কার্যসূচীবোৰৰ (ভোজ ভাত খোৱা, মেজি জ্বলোৱা আদি) ভিডিঅ’ কৰি  ৱেবচাইতবোৰত (যেনে-  ইউটিউব , ফেচবুক, ৱাটচআপ, টুইটাৰ, লিংডিন, ইনষ্টগ্ৰাম আদিত ) আপলোড কৰিব লাগে আৰু অসমীয়া,ইংৰাজী আৰু হিন্দী ভাষা উপৰি সম্ভৱ হ’লে পৃথিৱীৰ বিভিন্ন ভাষাতো এই কার্যসূচীবোৰৰ বর্ণনা দিব লাগে যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে চাই বুজিব  পাৰে। বিহুৰ বিষয়ে প্রচাৰৰ বাবে উপযুক্ত মাধ্যম হ’ব পাৰে ব্ল’গ (blog) । ব্ল’গবোৰত ভোগালী বিহু সস্পকীয় প্রৱন্ধ প্রকাশ কৰিব লাগে ।

 

ড° বুলজিৎ বুঢ়াগোহাঁই

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: bul...@gmail.com

www.buljit.com 

Reply all
Reply to author
Forward
0 new messages