অনুবাদ সাপ্তাহিক বাতৰি কাকত আৰু মাহেকীয়া আলোচনী

1,575 views
Skip to first unread message

Buljit Buragohain

unread,
Apr 24, 2011, 10:44:30 PM4/24/11
to XOBDO groups

বর্ত্তমান আমাৰ ৰাজ্যখনৰ পৰা অসমীয়া ভাষাত প্রকাশিত দৈনিক বাতৰি কাকতৰ সংখ্যা ১৫খনতকৈ বেছি লগতে কেইবাখনো অর্ধ-সাপ্তাহিক/ সাপ্তাহিক বাতৰি কাকত প্রকাশিত হয়। তদুপৰি বহুকেইখন মাহেকীয়া/পষেকীয়া আলোচনী প্রকাশ হয়।এই বাতৰি কাকত আৰু আলোচনীবোৰত মাজে মাজে  বহুতো মূল্যবান প্রবন্ধপাতি,সম্পাদকীয়,চিঠি আদি প্রকাশ হয় যিবোৰত অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ সর্ম্পকে আলোকপাত কৰা লগতে কোনো কোনো সমস্যা সমাধানৰ বিশ্লেষণাত্মক সমাধান সূত্র আগবঢ়ায়।এতিয়া কথা হ’ল আমি জানোঁ যে আমাৰ ৰাজ্যখনৰ উন্নতি কাৰণে যিসকল প্রশাসনিক বিষয়াই আচঁনিবোৰ তৈয়াৰ কৰে তেখেতসকলৰ গৰিষ্ঠসংখ্যক অনা-অসমীয়া হোৱা হেতুকে বেছিভাগে বাতৰি কাকত আৰু আলোচনীবোৰত প্রকাশিত এই লিখাবোৰ পঢ়িব নোৱাৰে আৰু তাৰ ফলত তেখেতসকলে অসমৰ সমাজ জীৱনৰ কাৰণে প্রয়োজনী আচঁনি তৈয়াৰ কৰিব নোৱাৰে আৰু যিবোৰ আচঁনি তৈয়াৰ কৰে সেইবোৰৰ পৰা জনসাধাৰণ সিমান উপকাৰ নহয়।এই পত্রৰ জৰিয়তে আমি এটা প্রস্তাৱ আগবঢ়াব বিছাৰিছোঁ যে  অসমৰ পৰা প্রকাশিত সকলোবোৰ বাতৰি কাকত আৰু আলোচনী পৰা মূল্যবান প্রবন্ধপাতি,সম্পাদকীয়,চিঠি আদি ইংৰাজীত অনুবাদ কৰি এখন সাপ্তাহিক বাতৰি কাকত আৰু এখন মাহেকীয়া আলোচনী প্রকাশ কৰিব লাগে । গতিকে কোনো সদাশয় ব্যক্তি বা স্বেচ্ছাসেৱী অনুষ্ঠান-বে-চৰকাৰী অনুষ্ঠাআগ বাঢ়ি আহি এই প্রস্তাৱিত ইংৰাজীত অনুবাদ সাপ্তাহিক বাতৰি কাকত আৰু মাহেকীয়া আলোচনীখন প্রকাশ কৰিব বুলি আশা কৰিছোঁ । এই  প্রস্তাৱিত অনুবাদ সাপ্তাহিক বাতৰি কাকত আৰু মাহেকীয়া আলোচনীখন ইণ্টাৰনেট সংস্কৰণও থাকিব লাগিব। ইণ্টাৰনেট সংস্কৰণ থকা ফলত প্রবাসী অসমীয়া সকলৰ (যিসকলে অসমীয়া পঢ়িব নাজানে) লগতে বিশ্বৰ বিভিন্ন লোকসকলে অসমৰ ভালকামবোৰৰ লগতে ৰাজ্যখনৰ সমস্যাৰাজিৰ বিষয়ে অৱগত হব। আশা কৰিছোঁ তেতিয়া হয়তো অসমৰ  কোনো সমস্যা সমাধানত সহায় হাত আগবঢ়াব কাৰণে প্রবাসী অসমীয়া লগতে দেশ-বিদেশৰ স্বেচ্ছাসেৱী অনুষ্ঠান-বে-চৰকাৰী অনুষ্ঠান আগবাঢ়ি আহিব।

 

বুলজি বুঢ়াগোহাঁই



translation.JPG
Reply all
Reply to author
Forward
0 new messages