--
আপুনি এই ই-পত্ৰ গুগ'ল দল "শব্দ সংঘ - XOBDO.ORG"- নামভৰ্তি কৰাৰ কাৰণে পাইছে৷ এই দললৈ চিঠি পঠিয়াবলৈ xo...@googlegroups.com লৈ ই-পত্ৰ পঠিয়াওক৷ এই দলৰ পৰা বাহিৰ হবলৈ xobdo-un...@googlegroups.com লৈ ই-পত্ৰ প্ৰৰণ কৰক৷ অন্য বিষয়ে দলৰ আন্ত:জাল http://groups.google.com/group/xobdo?hl=as লৈ আহঁক৷
যিকোনো শব্দৰ ইংৰাজী প্ৰতিশব্দ বিচাৰিবলৈ অলপ হলেও যত্ন কৰা উচিত বা অসমীয়া অভিধানত থকা বহুতো অসমীয়া শব্দৰ ইংৰাজী সমাৰ্থক শব্দ বিচাৰিলে সহজেই পোৱা যায় যদিও কথাটো বৰ পোনপটীয়া নহয়। প্রতিটো ভাষাৰ শব্দৰ বিশেষ কিছুমান নিজস্বতা আছে যিবোৰ আন ভাষাৰ সমাৰ্থক শব্দ নালাগে একেটা ভাষাৰে আন প্রতিশব্দই বহুসময়ত সম্পূৰ্ণ পৰিপূৰক হব নোৱাৰে। এটা শব্দৰ দহটা সমাৰ্থক শব্দৰ অৰ্থ কিন্তু সকলো সময়তে সমাৰ্থক নহবও পাৰে।
দ্বিতীয়তে বহু অসমীয়া শব্দৰ ইংৰাজী প্ৰতিশব্দ নায়। (কথাটো ওলোটাকৈয়ো বা আন যিকোনো ভাষাৰ ক্ষেত্রতে সঁচা। গামোছা খনক টাৱেল বুলিলে গামোছা খনৰ স্বকীয় কিছু গুণ লোপ পাই ---‘... গামোছাৰে আদৰণি ...’ আদি বাক্যত। তিলপিঠা, শৰাই, চাকি.... আদিত চাকিক বুলিলে আমি চাকি বুলিলে বুজোৱা অৰ্থ নোলায়। সেয়েহে এনে শব্দৰ বেলিকা ইংৰাজী প্ৰতিশব্দতকৈ প্রাসংগিক অৰ্থৰ বাখ্যা বেছি প্রয়োজন নেকি?
পাৰ্থ
এইয়া দুটামান উদাহৰণহে৷ অভিধানত এনেধৰণৰ অনেক শব্দ আছে৷ যিবিলাক এতিয়াও "শব্দ"ত অন্তৰ্ভুক্ত হোৱা নাই৷ এনে ধৰণৰ শব্দবোৰৰ ইংৰাজী প্ৰতিশব্দ আছেনে নাই মই তাক নাজানোঁ৷ ফলত শব্দবোৰ মই এৰি যাবলৈ বাধ্য হৈছোঁ৷ আন সদস্য-সম্পাদকে ইংৰাজী প্ৰতিশব্দটো জানিব পাৰে যদিও শব্দবোৰ অন্তৰ্ভুক্ত নকৰাৰ ফলত "শব্দ"ত বাদ পৰি গৈছে৷
ধন্যবাদ,
অঞ্জল