ৰঙালী বিহু পাতিছিল নেকি? যদি পাতিছিল লাভ কৰক ১ লাখ টকা...
ডিজিটেল ডেস্কঃ ৰঙালী বিহুৰ বতৰত হুচৰি, বিহুৱতী,ঢুলীয়া, বিহুগীত, পৰম্পৰাগত খেল- ধেমালী আৰু গীত-মাতৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়। এইবাৰ পিছে এই প্ৰতিযোগীতাবোৰৰ
বিপৰীতে আন এক বিশেষ প্রতিযোগীতাহে আয়োজন কৰিছে মহানগৰীৰ PHOENIX CREATION's য়ে। সেয়া হ'ল ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা ৰঙালী বিহুৰ উপলক্ষে প্রকাশিত স্মৰণিকা সমূহৰ প্ৰতিযোগীতা।
সম্পূর্ণ ব্যতিক্ৰমী ৰূপত আয়োজন কৰা এই প্ৰতিযোগীতা লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু আয়োজক সকলে প্রকাশিত কৰা স্মৰণিকা সমূহ প্ৰেৰণ কৰিব পাৰিব। এই প্ৰতিযোগীতাৰ পুৰষ্কাৰ সমূহ হ'ল-
১) শ্ৰেষ্ঠ স্মৰণিকা বঁটা-১ লাখ টকা।
২) দ্বিতীয় শ্ৰেষ্ঠ স্মৰণিকা বঁটা-৫০,০০০ টকা।
৩) তৃতীয় শ্ৰেষ্ঠ স্মৰণিকা বঁটা-২৫,০০০ টকা।
ইয়াৰোপৰি এই প্ৰতিযোগীতাত থাকিব
স্মৰণিকাৰ শ্ৰেষ্ঠ বেটুপাত বঁটা- ২০,০০০ টকা ।
দ্বিতীয় শ্ৰেষ্ঠ স্মৰণিকা বেটুপাত বঁটা-১৫,০০০ টকা।
তৃতীয় শ্রেষ্ঠ বেটুপাত বঁটা-১০,০০০ টকা।
শ্ৰেষ্ঠ অলংকৰণ বঁটা-১৫,০০০ টকা।
শ্রেষ্ঠ সম্পাদকীয় বঁটা-১৫,০০০ টকা।
আয়োজনক সকলে জানিব দিয়া মতে এই প্ৰতিযোগীতাৰ সমান্তৰালভাৱে ২০২৩ বৰ্ষৰ স্মৰণিকাসমূহৰ এক ৰাজ্যিক ভিত্তিক প্ৰদৰ্শনী,স্মৰণিকা সমূহত প্ৰকাশিত বিহু বিষয়ক নির্বাচিত লেখাৰ সংকলনো প্ৰকাশৰু দিয়া কৰিছে।
এই পদক্ষেপ নিসন্দেহে অনন্য আৰু অনুপ্ৰেৰণামূলক। প্রতিযোগীতাত অংশ লোৱা বিহু কমিটী সমূহৰ চমু পৰিচয় সন্নিবিষ্ট আন এক গ্রন্থও প্রকাশ কৰিব আয়োজক সকলে।
প্রতিযোগীতাত অংশ লবলৈ তলৰ নিয়ম সমূহ বান্ধি দিছে আয়োজক সকলে। নিয়ম সমূহ হ'ল-
১) প্রতিযোগীতাৰ বাবে অতি ক'মেও ৫টা স্মৰণিকা কপি প্ৰেৰণ কৰিব লাগিব আয়োজক সকলে। ২) বিহু আয়োজক কমিটীয়ে সেই বিহু খনৰ বিষয়ে ২০০ শব্দৰ ভিতৰত এক চমু পৰিচয় উল্লেখ কৰিব লাগিব।
৩) প্ৰতিযোগীতালৈ প্ৰেৰণ কৰা স্মৰণিকা সমূহত প্রকাশিত নির্বাচিত লেখা সংকলিত কৰাৰ ক্ষেত্ৰত কোনো আপত্তি দৰ্শাব নোৱাৰিব৷
৪) প্রতিযোগীতাত অংশ গ্ৰহণৰ বাবে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। সেই প্ৰ-পত্ৰৰ লগত ভৰ্তি মাছুল আদায় দিব লাগিব।
৫) প্রতিযোগীতাৰ বাবে প্ৰেৰণ কৰা স্মৰণিকা সমূহ ডাক, কুৰিয়াৰ বা হাতে হাতে দিব পাৰিব। অৱশ্যে প্ৰতিযোগীতাৰ ভৰ্তি মাছুল আদায় দিয়াৰ তথ্য ইয়াৰ লগত সংলগ্ন হ'ব লাগিব।
৬) ডাক বা কুৰিয়াৰযোগে প্ৰেৰণ কৰা স্মৰণিকাৰ টোপোলা আয়োজকৰ হাতত নপৰিলে সেই দায়িত্ব আয়োজকৰ নহ'ব৷
১০) কোনো আইনী ওজৰ-আপত্তি থাকিলে সেয়া গুৱাহাটী আদালততে নিষ্পত্তি কৰা হব ।
প্ৰতিযোগীতাৰ বাবে স্মৰণিকা প্ৰেৰণৰ ঠিকনা-
বিহু স্মৰণিকা প্ৰতিযোগীতা ২০২৩,
মাৰফৎ-দিপ্ত প্ৰসাদ গোস্বামী
হাউচ নং-২৭
প্রথম বাইলেন(বাঁওফালে)
এল এন বি পথ, হাতীগাঁও
দিছপুৰ, গুৱাহাটী ৩৮
প্ৰতিযোগীতাৰ সৱিশেষ জনাৰ বাবে যোগাযোগ কৰক-
৯৯৫৪৫৪৪৪৫০, ৮৬৩৮২৮৭৩৫৪
(অসমীয়া প্ৰতিদিন ডিজিটেল, ০৯/০৫/২০২৩)