~ আইফ’ন আৰু আইপেডৰ বাবে ‘লাচিত স্পেলচেকাৰ’ৰ উন্মোচন ~

5 views
Skip to first unread message

Buljit Buragohain

unread,
Jan 3, 2023, 9:58:14 AM1/3/23
to supportac...@googlegroups.com, XOBDO groups
~ আইফ’ন আৰু আইপেডৰ বাবে ‘লাচিত স্পেলচেকাৰ’ৰ উন্মোচন ~

আইফ’ন আৰু আইপেড ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে এক বৰ্ণাশুদ্ধি নিবাৰক সঁজুলি ‘লাচিত স্পেলচেকাৰ’ মৃদুল কুমাৰ শৰ্মাৰ নেতৃত্বত সাজি উলিওৱা হৈছে যিটোৱে লেখা এটাৰ বিভিন্ন বৰ্ণাশুদ্ধি নিবাৰণ কৰাত সহায় কৰিব ৷ স্মৰণযোগ্য যে, ইতিপূৰ্বে এই সঁজুলিটো কম্পিউটাৰ আৰু এণ্ড্ৰইড মবাইলৰ বাবে ৰাইজলৈ আগবঢ়াই দিছিল৷ তদুপৰি অনলাইন ব্ৰাউজাৰতো ইয়াক ব্যৱহাৰ কৰাৰ সুবিধা আছিল৷ বহুসংখ্যক আইফ’ন আৰু আইপেড ব্যৱহাৰকাৰীৰ অনুৰোধ আৰু আদেশমৰ্মে এই সঁজুলিটো নতুনকৈ Apple iOS ৰ বাবে সজা হ’ল৷
এই সঁজুলিটোৱে কি কাম কৰিব—
লেখা এটাত থাকিব পৰা সম্ভাৱ্য বাংলা ৰ; পুৰণি পদ্ধতিৰে লিখা ড়, ঢ়, য়; যুক্তাক্ষৰৰ ভুল; বিভক্তিৰ ভুল; ণত্ববিধি-ষত্ববিধিৰ ভুল; চন্দ্ৰবিন্দুৰ ভুল; নিৰ্দেশাত্মক প্ৰত্যয়ৰ ভুল; যতিচিহ্নৰ ভুল আৰু প্ৰায় ২০০০ শব্দৰ সততে কৰা ভুল ই এবাৰতে ঠিক কৰি দিয়ে৷ যিকোনো লেখা এটা ‘কপি’ কৰি আনি ইয়াত ‘পেষ্ট’ কৰি দি Spell Correct বুটামটো টিপি দিলেই শুদ্ধ হৈ যাব৷ এপল এপ্‌ ষ্ট’ৰত Lachit SpellChecker বুলি সন্ধান কৰিলেই এপ্‌টি ডাউনল’ড কৰিব পাৰিব৷
এই কামটিত মৃদুল কুমাৰ শৰ্মাক সহায় কৰিছে সৰ্বশ্ৰী ৰিতুপৰ্ণ বৰা, বিতোপন দাস আৰু অংশুমান হাজৰিকাই৷
পূৰ্বৰ দৰেই এই সঁজুলিটোও সম্পূৰ্ণ বিনামূলীয়া হ’ব । বানান সচেতন ৰাইজে এই সঁজুলিটো আঁকোৱালি ল’ব বুলি তেওঁলোক আশাবাদী ৷
অসমৰ ৰাইজলৈ লাচিত ডট অৰ্গ কৰ্মদলৰ তৰফৰ পৰা এয়া নৱবৰ্ষৰ উপহাৰ ।
উল্লেখযোগ্য যে মহাবীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি হিচাপে ভাষা-সাহিত্য সম্পৰ্কীয় এলানি সঁজুলি কম্পিউটাৰ আৰু মবাইলৰ বাবে যোৱা ২০১৩ চনৰ পৰা সাজি থকা হৈছিল ৷ পূৰ্বতে ৰাইজলৈ আগবঢ়াই দিয়া এই সঁজুলিবোৰ একে ঠাইতে পোৱাৰ বাবে https://lachit.org ৱেবছাইটটো খুলি চাব৷
লাচিত ডট অৰ্গ প্ৰকল্পৰ দ্বাৰা নিৰ্মিত সঁজুলিসমূহ—
-লাচিত কী-পেডসমূহ (এণ্ড্ৰইড, উইণ্ড’জ, আইফ’ন/আইপেড, macOS)
-লাচিত কনভাৰ্টাৰ (উইণ্ড’জ, macOS, লিনাক্স)
-লাচিত বৰ্ণাশুদ্ধি নিবাৰক (এণ্ড্ৰইড, উইণ্ড’জ, লিনাক্স, আইফ’ন/আইপেড, macOS, অনলাইন)
-ই-বুক
-ব্ৰাউজাৰ প্লাগ্‌-ইন
-ফণ্ট (জ্যোতিৰূপা, ৰংমন)
-ৰক্তদানৰ এপ ‘ৰক্ত বান্ধৱ’
-শব্দজাল এপ ‘চিলাৰায়’
lachit.org (Asomiya Khabar,03.01.2023).jpg
Reply all
Reply to author
Forward
0 new messages