ভূপেন (ড° ভূপেন হাজৰিকা) দাৰ জন্ম শতবাৰ্ষিকী ।

0 views
Skip to first unread message

Buljit Buragohain

unread,
Sep 7, 2025, 11:00:35 PM (2 days ago) Sep 7
to supportac...@googlegroups.com, XOBDO groups

আজি ( ৮ ছেপ্টেম্বৰ) ভাৰতৰত্ন  সুধাকণ্ঠ  ভূপেন (ড° ভূপেন হাজৰিকা) দাৰ  জন্ম শতবাৰ্ষিকী । ৮ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ বছৰজুৰি  ৰাজ্যখনৰ উপৰিও দেশ-বিদেশৰ বিভিন্ন ঠাইত বিভিন্ন কার্যসূচীৰে উদযাপন হ'ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী । ই এটা ভাল কথা। আজি ভূপেনদাৰ  গীতবোৰ ৰাজ্যখৰ চাৰিও দিশে বাজি আছে । আমি ভাবো, যদি ভূপেনদাৰ গীতবোৰ হৃদয়ঙ্গম কৰি ব্যক্তিগত তথা সমাজ জীৱনৰ বিভিন্ন দিশত সুপ্রয়োগ কৰো তেতিয়াহে আমি তেখেতৰ প্রতি প্রকৃত শ্রদ্ধা আৰু সন্মান প্রদর্শন কৰা হ’ব । এইখিনিতে এটা অপ্রিয় সত্য কথা কোৱা ভাল হ’ব যে বহুতে ভূপেনদাৰ গীতৰ শব্দৰ অর্থই বুজি নাপায় ।গতিকে ,গীতবোৰ হৃদয়ঙ্গম কৰি ব্যক্তিগত তথা সমাজ জীৱনত প্রয়োগ কৰাতোঁ  দুৰৰ কথা। গীতৰ শব্দৰ অর্থ বুজি নোপোৱা কাৰণ হ’ল বহুতে  অসমীয়া পঢ়িব আৰু লিখিব নাজানে আৰু ইয়াৰ  সংখ্যা দিনে দিনে বাঢ়িব  ধৰিছে। এতিয়া কথা হ’ল, যি মাধ্যমতে নপঢ়ক লাগিলে অসমত থকা সকলোৰে যাতে অসমীয়া ভাষাতো পঢ়িব আৰু লিখিব পাৰে তাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়। পৃথিৱীৰ যিমান ভাষা শিকে শিকক কিন্তু নিজৰ মাতৃভাষা তথা অসমত বসবাস কৰা যিসকলৰ  মাতৃভাষা অসমীয়া নহয়, তেওঁলোকেও  অসমীয়া পঢ়িব আৰু লিখিব পাৰিলে যে কোনো অপকাৰ নহয় সেই বিষয়ে সজাগতা আনিব বাবে চৰকাৰী, বে-চৰকাৰী তথা স্বেচ্ছাসেৱী অনুষ্ঠানবোৰ আগ বাঢ়ি আহিলে ভাল হয় ।

বি:দ্র:  "অসমীয়াত কথা-বতৰা" গোটৰ সদস্যসকলৰ ঐকান্তিক প্ৰচেষ্টাত সম্ভৱ হোৱা ৬০০ৰো অধিক গীত  ইণ্টাৰনেটত উপলব্ধ হৈ আছে।
🎻গীতসমূহ : https://akansya.blogspot.com/p/blog-page_5877.html?m=1

 

Reply all
Reply to author
Forward
0 new messages